Wednesday, 5 February 2020

ভূটান ভ্ৰমণত প্ৰতিদিনে ১২০০ টকাকৈ দিব লাগিব ভাৰতীয় নাগৰিকে

ভূটান ভ্ৰমণৰ বাবে প্ৰবেশ কৰ ধাৰ্য

প্ৰতিদিনে ১২০০ টকাকৈ দিব লাগিব ভাৰতীয় নাগৰিকে

বিশ্ব পৰ্যটনৰ শীৰ্ষ স্থানৰ এখন মনোমোহা প্ৰকৃতিৰ দেশ ভূটান ফুৰিবলৈ যাব বিচৰাসকলৰ বাবে এটা দু:খবৰ আছে। ভূটান চৰকাৰে এতিয়াৰে পৰা দেশখনৰ পৰ্যটনক্ষেত্ৰ উন্নয়ৰ স্বাৰ্থত বিদেশী পৰ্যটকৰ পৰী প্ৰবেশৰ বাবে বিশেষ মূল্য নিৰ্ধাৰন কৰিছে।
ইতিমধ্যে ভূটানৰ ৰাষ্ট্ৰীয় সদনত নতুন পৰ্যটন নীতি গ্ৰহণ কৰিছে। সেই অনুসৰি চলিত ২০২০ চনৰ জুলাইৰ পৰা চুবুৰীয়া দেশ ভাৰতৰ লগতে বাংলাদেশ, মালদ্বীপৰ পৰ্যটকৰ কাৰনে প্ৰবেশ মূল্য ধাৰ্য কৰিছে। এই মূল্য হ'ব ৬ ৰ পৰা ১২ বছৰ শিশুৰ বাবে প্ৰতিদিনে ৬০০ টকাকৈ, ১৩ বছৰৰ পৰা ওপৰ বয়সৰ লোকৰ বাবে দৈনিক ১২০০ টকাকৈ প্ৰবেশ মূল্য দিব লাগিব। ৫ বছৰ তলৰ শিশুৰ বাবে কোনো প্ৰবেশ মূল্য নাই। উল্লেখযোগ্য যে ভূটানত প্ৰত্যেক দিনে পৰ্যটনৰ সংখ্যা বাঢ়ি আহিছে। সেয়ে দেশখনে ইয়াৰ বহনক্ষম উন্নয়নৰ বাবত এতিয়াৰে পৰা পৰ্যটকৰ প্ৰবেশ মূল্য লব। ইয়াৰ আগলৈকে ভূটানত প্ৰবেশৰ বাবে ভাৰতৰ পৰ্যটকৰ পৰা কোনো প্ৰবেশ কৰ লোৱা নাছিল।
অসমৰ পৰা সঘনাই ভূটানত ফুৰিবলৈ যোৱাসকলৰ বাবে দু:খবৰ
 ইফালে ভূটানত চুবুৰীয়া দেশ হিচাপে ভাৰত তথা অসমৰ পৰ্যটকৰ পৰা প্ৰবেশ কৰৰ লগতে পাচৰ্পটৰো কোনো ব্যৱস্থা নাছিল। কিন্তু এতিয়া ভূটান চৰকাৰে ভাৰতৰ নাগৰিকৰ পৰাও পাছৰ্পট বাধ্যতামূলক কৰাৰ দিশে। উল্লেখ্য যে আমাৰ নিচেই চুবুৰীয়া পৰ্যটনৰ এখন
সুন্দৰ দেশ হিচাপে বহু কম খৰচতে অসমৰ পৰা প্ৰতি বছৰে বহু লোকে ফুৰিবলৈ যায়। কিন্তু এতিয়াৰ পৰা এই ভ্ৰমণ খৰচি হব।

No comments:

Post a Comment

আই আই টি, গুৱাহাটীৰ গৱেষকসকলে সক্ৰিয় শক্তি বিতৰণৰ বাবে এক অনুকূলন ভিত্তিক ভল্টেজ নিয়ন্ত্ৰণ পদ্ধতি প্ৰস্তুত কৰিছে

এই গৱেষণাত ভল্টেজৰ উঠা-নমা হ্ৰাস কৰা শক্তি বিতৰণ ব্যৱস্থাৰ সমন্বিত নিয়ন্ত্ৰণ ব্যৱহাৰ কৰি বৈদ্যুতিক বাহন চাৰ্জ কৰাৰ বাবে সৌৰশক্তিৰ ব্যৱহাৰ ব...